চৰাইদেউত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একে পৰিয়ালৰ ৫ জন - Charaideo Mushroom Poisoning - FOOD POISONING

🎬 Watch Now: Feature Video

thumbnail
সাপেখাতী উজনিকুৰী গাঁৱত অঘটন (undefined)

By ETV Bharat Assamese Team

Published : April 26, 2024 at 9:40 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 26 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই বহুজনে প্ৰাণ হেৰুৱাব লগা হোৱাৰ সময়তে চৰাইদেউ জিলাৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একে পৰিয়ালৰ পাঁচজনকৈ লোক ৷ সাপেখাতী উজনিকুৰী গাঁৱৰ দীপা মুড়া ( 28) , ভদ্ৰেশ্বৰ মুড়া (29)নিজৰা মুড়া (8), দিপাঞ্জলী মুড়া (3) আৰু এটি ডেৰ বছৰীয়া সন্তানে পুৱাৰ আহাৰৰ সৈতে বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰা পাচতেই অসুস্থ হৈ পৰে ৷  

আটাইকে প্ৰথমে সাপেখাতী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰে দীপা মুড়া নামৰ মহিলাগৰাকীয়ে বমি কৰাৰ লগতে অত্যন্ত পেটৰ বিষত আক্ৰান্ত হোৱাত স্বাস্থ্য সংকটজনক বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ স্বাস্থ্য বিষয়াই জানিবলৈ দিয়া অনুসৰি ঘৰৰ পাচফালে ওলোৱা কাঠফুলা ঢেঁকীয়া শাক আৰু মাংসৰ সৈতে ৰান্ধি পৰিয়ালটোৰ সকলোৱে খোৱাৰ পাচতে সকলো অসুস্থ হৈ পৰে ৷

লগতে পঢ়ক : গোলাঘাটৰ বৰপথাৰত বিধ্বংসী অগ্নিকাণ্ড - Devastating Fire

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details