কইনাৰ সাজেৰে গণতন্ত্ৰৰ মহোৎসৱত অংশগ্ৰহণ যুতিকা ডেকাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 9:08 PM IST

thumbnail

বাইহাটা চাৰিআলি, 26 এপ্ৰিল: জীৱনৰ বিশেষ দিনটোত গণতন্ত্ৰৰ মহোৎসৱ ৷ তাতে তেওঁ বহুত ভালপায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ সেয়েহে কইনাৰ সাজেৰেই ভোটকেন্দ্ৰত উপস্থিত হ’ল বাইহাটা চাৰিআলিৰ যুতিকা ডেকা ৷

শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটদানত বিশেষ দৃশ্যটো দেখা গ’ল আগডলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ৷ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো প্ৰতিগৰাকী ভোটাদাতাৰ মৌলিক কৰ্তব্য ৷ সেই কৰ্তব্যৰ তাড়নাত উদুলি-মুদুলি হৈ থকা ৰভাতলীখনৰ পৰা ক্ষন্তেকৰ বাবে আঁতৰি ভোটকেন্দ্ৰত উপস্থিত হ’ল কইনাগৰাকী ৷

বিয়াৰ দিনটোত তেওঁক আশীৰ্বাদ দিবলৈ উপস্থিত হোৱা ৰাইজক কিছু সময়ৰ বাবে আঁতৰত ৰাখি দেশৰ গণতন্ত্ৰত অংশগ্ৰহণ কৰা কাৰ্য চৰ্চিত হৈছে অঞ্চলটোত ৷ কইনা যুতিকা ডেকাই মন্তব্য কৰে যে নিজৰ বিয়াৰ দিনটোত এনেদৰে ভোটদান কৰাটো তেওঁৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব ৷

লগতে পঢ়ক: ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি গছৰ তলতে বহিল এগৰাকী প্ৰাক্তন মন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.