বৰপেটাৰোড আৰক্ষীৰ জালত 6 জনকৈ ভূ-মাফিয়া

By

Published : Sep 21, 2021, 5:17 PM IST

thumbnail

ৰাজ্যৰ আন সমূহ জিলাৰ লগতে বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই 6 টাকৈ ভূ-মাফিয়া তথা মাটিৰ দালালক আটক কৰিছে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত আটক কৰা এই মাটিৰ দালাল কেইটা হৈছে নুৰুল হক ( বৰপেটাৰোড) ৰামানন্দ দাস (কলহভাংগা) ৰহম আলী (দুমনী) কৃষ্ণ দাস (কলহভাংগা)ইন্নছ আলী (মণিপুৰ) আৰু তায়েব আলী (খৈৰাবাৰী)ক আটক কৰিছে ৷ এই মাটিৰ দালাল কেইটাক আৰক্ষীয়ে আটক কৰাৰ পাছৰে পৰাই আন বহু ভূ-মাফিয়া তথা মাটিৰ দালাল পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে একে নিশাই অভিযান চলাই হাউলী আৰক্ষীয়ে আটক কৰিছে 4 জনকৈ মাটিৰ দালালক ৷ আটকাধীন মাটিৰ দালাল কেইটা হ'ল আব্দুছ চাত্তাৰ, নজৰুল ইছলাম, অজয় কুমাৰ দাস আৰু ইনচান আলী ৷ আটাইকেটা মাটিৰ দালালক মঙলবাৰে বৰপেটা সদৰ থানালৈ প্ৰেৰণ কৰা হয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে লোৱা এই পদক্ষেপক আদৰণি জনাই বৰপেটাৰোডৰ আনোৱাৰ হুছেইনে মাটিৰ দালালক কৰায়ত্ত কৰাৰ নামত যাতে নিৰীহ লোকক আটক কৰা নহয় তাৰবাবে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে ৷ তাৰোপৰি মাটিৰ দালালৰ লগত মণ্ডল আৰু চাৰ্কোল অফিচাৰ জড়িত বুলি অভিযোগ উত্থাপন কৰি সকলোকে তদন্তৰ আওঁতালৈ আনিবলৈ অনুৰোধ জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.