48 ঘন্টাত ছগৰাকী চান্দা উঠোৱা নেতাক আটক শিৱসাগৰ আৰক্ষীৰ

By

Published : Nov 26, 2021, 7:20 PM IST

thumbnail

শিৱসাগৰত চান্দা তোলা পাৰ্টিসমূহৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ আৰক্ষীৰ (Police action against extortion party) ৷ ৰাজ্যত চান্দা তোলা বিষয়টো বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাচতে এই অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে (Assam CM order on extotion) ৷ বিগত 48 ঘণ্টাত জিলাখনত 6 জনকৈ জাতীয় সংগঠনৰ নেতা-কৰ্মীক ধমকি দি চান্দা তোলাৰ অভিযোগত আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে শিৱসাগৰ আৰক্ষীয়ে । চান্দা তোলাসকলৰ বিৰুদ্ধে খবৰ দিবলৈ আৰক্ষীয়ে Anti Extortion Cell নম্বৰ 9435500597ত যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷ খবৰ দিয়া লোকৰ পৰিচয় গোপনে ৰখা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীৰ এই অভিযান সন্দৰ্ভত শুনক কি কয় শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনে(Sivasagar SP Rakesh Raushan) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.