নিৰ্বাচনী সমীক্ষা প্ৰসংগত ছিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

By

Published : Apr 30, 2021, 12:57 PM IST

Updated : Apr 30, 2021, 2:50 PM IST

thumbnail

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসম সন্দৰ্ভত প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা ৷ য’ত প্ৰতিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ ইংগিত প্ৰদান কৰিছে । ইয়াৰ পিছৰে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । এইবাৰ নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ছিদ্দিক আহমেদে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তেওঁ কৈছে যে, মাত্ৰ কেইটামান দিনৰ ভিতৰত সকলো স্পষ্ট হ’ব । অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ আহিব বুলি এতিয়াও আশাবাদী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ । আনকি মহাজোঁটে বৰাক উপত্যকাত 11/13 আসন লাভ কৰিব বুলিও উল্লেখ কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদে ৷

Last Updated : Apr 30, 2021, 2:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.