পশুপালন উপাৰ্জনৰ অন্যতম পথ : পাৰ্থ প্ৰতীমে দেখুৱালে আদৰ্শ

By

Published : Jun 26, 2021, 9:34 PM IST

thumbnail

শিৱসাগৰ জিলাৰ জাঁজী ফুলপানীছিগাৰ এজন শিক্ষিত যুৱকে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । ফুলপানীছিগা চাংমাই গাঁৱৰ পাৰ্থ প্ৰতীম নেওগে নিজ গৃহতে দুটাকৈ পুখুৰীত মৎস্য পালন কৰা লগতে গাহৰি ফাৰ্ম, উদ্যান শস্যৰ বাগিচা গঢ়ি তুলিছে । যোৱা তিনি বছৰে পাৰ্থ প্ৰতীম নেওগে একক প্ৰচেষ্টাৰে চাকৰিমুখী নহৈ ব্যৱসায়ভিত্তিক এনেদৰে মৎস্য পালন, গাহৰি ফাৰ্ম, উদ্যান শস্যৰ বাগিচা গঢ়ি তুলি স্বাৱলম্বী হৈ উঠিছে । লকডাউন আৰু কৰ'ণা মহামাৰীৰ সময়ছোৱাত পাৰ্থ প্ৰতীম নেওগে ঘৰতে বহি নাথাকি আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্ন পন্থা অৱলম্বন কৰে । নিজ গৃহতে কুকুৰা পালন কৰাৰ লগতে মাছৰ পোণাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে । যুৱক পাৰ্থ প্ৰতীম নেওগক কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰে বিভিন্ন সময়ত সহযোগিতা আগবঢ়াই আহিছে । ফিচাৰী বিভাগেও সহায় কৰি আহিছে । যুৱকজনৰ এনে চিন্তাধাৰা শিক্ষিত যুৱকৰ বাবে আদৰ্শনীয় । শিক্ষিত যুৱকসকল যে কেৱল চাকৰিমুখী হ’ব নালাগে, ঘৰৰ পৰি থকা মাটিডোখৰ আৰ্থিক উপাৰ্জনৰ আহিলা হ’ব পাৰে সেই নিদৰ্শন দাঙি ধৰিছে পাৰ্থ প্ৰতীম নেওগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.