মাণিকপুৰত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ

By

Published : Sep 21, 2021, 4:24 PM IST

thumbnail

কৰ'ণাৰ দ্বিতীয় ঢৌৰ (Covid 2nd wave) ফলত প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ বিদ্যালয়সমূহ । অৱশেষত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা বিদ্যালয়ত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হয় । ক'ভিড বিধি (Covid Protocol) পালন কৰি সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰতো বিদ্যালয়সমূহ খুলিছে আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে । বিদ্যালয়ত উপস্থিত হৈ আনন্দিত মাণিকপুৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকল । বিদ্যালয়খনত ১৬৬ গৰাকী শিক্ষাৰ্থীক ৬ টা কোঠাত ভাগ ভাগ কৰি পাঠদান আৰম্ভ কৰা হৈছে । অনলাইন (Online) শিক্ষাদান অব্যাহত আছিল যদিও শ্ৰেণীকোঠাৰ শিক্ষা লাভ কৰিব পাৰি উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল । বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মতে দীৰ্ঘদিনৰ অন্তত বিদ্যালয়ত শিক্ষাৰ্থীসকলক লগ পাই যথেষ্ট আনন্দিত তেওঁলোক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.