শৰতৰ পূৰ্ণিমাত শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজনৰ বাবে সাজু কুৰুৱাবাহীৰ ৰাইজ

By

Published : Oct 23, 2021, 11:01 PM IST

thumbnail

শৰতে আদৰি আনে শেৱালী, কুঁৱলীৰ সৈতে দুৰ্গা পূজা । দুৰ্গা আৰাধনাৰ পাছতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ । এই শৰততেই গকুল বৃন্দাবনত ব্যাকুল হৈছিল গোপ-গোপিনীসকল ৷ শৰতৰ পূৰ্ণিমাতেই পালন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাস । সমগ্ৰ অসমৰ সমান্তৰালভাৱে বোকাখাতৰ কুৰুৱাবাহী অঞ্চলতো বিশাল আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হয় ৰাসমহোৎসৱ । পৰম্পৰাগতভাৱে ধৰ্মীয় নীতি নিয়মৰ মাজেৰে লক্ষ্মীপূজাৰ পাছৰে পৰা আখৰাত ব্যস্ত হৈ পৰিছে বোকাখাত কুৰুৱাবাহী অঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈকে । লকডাউনৰ বাবে দুটা বছৰ ৰাস উৎসৱ পালন কৰাৰ পৰা বিৰত থকা ৰাইজে এইবাৰ ক’ভিড পৰিস্থিতি কিছু অনুকূল হোৱাত পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাস উদযাপনৰ বাবে । বোকাখাতৰ কুৰুৱাবাহী অঞ্চলত পৃথকে পৃথকে ৬ খনকৈ ৰাস অনুষ্ঠিত কৰিব অগন্তক শৰতৰ পূৰ্ণিমাত । এতিয়া খোল-তালৰ লহৰৰ লগতে কৃষ্ণলীলাৰ গীতত মুখৰিত কুৰুৱাবাহীৰ প্ৰতিটো সন্ধিয়া । খোলৰ চেৱৰ তালে তালে কণ কণ শিশুৱে গোপ বালকৰ ভাও দিয়াৰ প্ৰয়াস কৰাৰ লগতে মহাৰাসত মতলীয়া হৈ নৃত্যত ব্যস্ত গাঁৱৰ কিশোৰী-গাভৰু । শিশুলীলা, কালিয়া দমন, মহা ৰাসলীলা আৰু কংস বধ নাটেৰে শ্ৰীকৃষ্ণক আৰাধনা কৰাৰ লগতে বলিষ্ঠ অভিনয়েৰে মুহিব দৰ্শকৰ হৃদয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.