বৰাকত অসমীয়া ভাষাক অপমান কৰাৰ বিৰোধিতাৰে লখিমপুৰত প্ৰতিবাদ

By

Published : Oct 19, 2021, 9:03 AM IST

Updated : Oct 19, 2021, 10:33 AM IST

thumbnail

বৰাকত একাংশ অসম আৰু অসমীয়া বিৰোধী বঙালী সংগঠনে অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং সানি অসমীয়া ভাষাক কৰা অপমানৰ প্ৰতিবাদত সোমবাৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমীয়া যুৱ মঞ্চই লখিমপুৰ নগৰৰ মাজত বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বঙালী যুৱ ছাত্ৰ সন্থাৰ প্ৰতীকী নামফলক দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ১৯৬০ ৰ পৰাই অসমীয়া ভাষাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ চলি অহাৰ অভিযোগ তুলি এই কাৰ্য কোনোপধ্যেই সহ্য নকৰাৰ হুংকাৰ প্ৰদান কৰে ৷ মঞ্চই লগতে সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰি ইয়াৰ নেতৃবৰ্গক গ্ৰেপ্তাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷ বৰাকৰ স্থানীয় সংগঠন দুটাক সন্মুখ সমৰলৈ আহিবলৈও প্ৰত্যাহ্বান জনাই অসমীয়া যুৱ মঞ্চৰ সদস্যসকলে ।

Last Updated : Oct 19, 2021, 10:33 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.