সমস্যা সমাধানৰ দাবীত নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ সংবাদমেল

By

Published : Oct 4, 2021, 7:54 PM IST

thumbnail

শেহতীয়াকৈ সন্মুখীন বিভিন্ন সমস্যাৰাজি দাঙি ধৰি তথা ইয়াৰ সমাধানৰ দাবীৰে সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে নগাঁও কাগজ কলৰ ঠিকাদাৰ সন্থাই ৷ সংবাদমেল সম্বোধন কৰি সন্থাৰ সদস্য অতনু বৰাই কয় যে, নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ প্ৰায় ছয় শতাধিক ঠিকাদাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে ৷ কাগজ কল দুটাৰ লগত জড়িত দুই লাখ ঠিকাদাৰ আৰু বিভিন্ন পৰ্যায়ৰ শ্ৰমিক কৰ্মচাৰী ক্ষতিগ্ৰস্ত হৈছে ৷ এই কাগজ কল দুটাত 654 গৰাকী ঠিকাদাৰ জড়িত হৈ আছিল ৷ কামৰ বাবদ ঠিকাদাৰ সকলে 440 কোটি টকা পাবলৈ আছে ৷ পাবলগীয়া ধন নোপোৱাৰ ফলত অভাৱনীয় আৰ্থিক সংকটত পৰিছে ঠিকাদাৰসকল ৷ আনহাতে, কাগজ কল দুটা সূচাৰুৰূপে পৰিচালনা নোহোৱাৰ বাবেই বন্ধ হৈ যোৱা বুলি মন্তব্য কৰে সন্থাৰ সদস্য সকলে ৷ ইতিমধ্য কাগজ কল দুটাৰ বিষয়টো ৰাষ্ট্ৰীয় কোম্পানী ল’ ট্ৰিব্যুনালত বিচাৰধীন হৈ আছে ৷ ন্যায়ালয়ে কাগজ কল দুটাৰ নিলাম ঘোষণা কৰিছে ৷ এই ঘোষণাত নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই আশ্চৰ্য প্ৰকাশ কৰি, এই সিদ্ধান্তৰ বাবে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীয়ে যিদৰে কৰ্মচাৰী সকলৰ বাবে ব্যৱস্থা কৰি দিছে সেইদৰে ঠিকাদাৰ সকলৰ বাবেও এটা ব্যৱস্থা কৰিবলৈ সংবাদমেল যোগে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে নগাঁও কাগজ কলৰ ঠিকাদাৰ সন্থাই ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.