সুশান্ত বৰগোঁহাই বিশ্বাস ঘাটক: অখিল গগৈ

By

Published : Sep 16, 2021, 8:56 PM IST

thumbnail
()

বৃহস্পতিবাৰে সংবাদমেল অনুষ্ঠিত কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিলে থাওৰা বিধান সভা উপ-নিৰ্বাচনৰ ৰাইজৰ দলৰ প্ৰাৰ্থী । উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা নৌহওতেই ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম । থাওৰা সমষ্টিক লৈ আশাবাদী ৰাইজৰ দল । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ হ'ব দলটোৰ প্ৰাৰ্থী। হোটেল ব্লু হৰিজনত অনুষ্ঠিত সংবাদ মেলত দলটোৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে কোঁৱৰৰ নাম । সংবাদ মেলতে প্ৰাক্তন কংগ্ৰেছী তথা থাওৰাৰ বৰ্তমান বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰিল অখিল গগৈ । সুশান্ত বৰগোঁহাইক বিশ্বাসঘাটক আখ্যা অখিল গগৈৰ । ছিণ্ডিকেটৰ বাবেই আদৰ্শ ত্যাগ কৰি বিশ্বাসঘাটক সুশান্ত বিজেপিলৈ গৈছে । অখিল গগৈৰ সুশান্ত বৰগোঁহাইলৈ প্ৰশ্ন, যদি উন্নয়নৰ বাবেই সুশান্ত বিজেপিলৈ গৈছে, তেন্তে ২০১১ চনত শাসকীয় দলৰ গৃহ বিভাগৰ সংসদীয় সচিব হৈ থাকোতে থাওৰাৰ কিমান উন্নয়ন কৰিছিল ৷ যদি শাসকীয় দলত থাকিলেহে উন্নয়ন হয় বুলি যুক্তি দি সুশান্তই বিজেপিলৈ যোৱা বুলি কৈছে, তেন্তে ২০২৬ ত বিজেপি ক্ষমতাচ্যুত হ'লে সুশান্ত বৰগোঁহাই কোন দললৈ যাব বুলিও প্ৰশ্ন অখিল গগৈৰ । লগতে কয়, কংগ্ৰেছৰ শাসন কালত সুশান্ত বৰগোঁহাইয়ে উজনিত চলাইছিল কয়লা, ONGC, স্ক্ৰেপ ছিণ্ডিকেট । মুঠৰ ওপৰত থাওৰাত এতিয়া ৰাজনৈতিক নেতাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে গৰম হৈ পৰিছে ৰাজনৈতিক পৰিবেশ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.