ফটোগ্ৰাফাৰ বিজয় বনিয়াৰ দানৱীয় কাণ্ডত লজ্জানত অসম !

By

Published : Sep 24, 2021, 5:04 PM IST

thumbnail

বৃহস্পতিবাৰে দৰঙৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিয়ে সম্প্ৰতি দেশ জুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে কেমেৰা সহিতে ঘটনাস্থলীত উপস্থিত থকা এজন যুৱক গুলীবিদ্ধ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰাৰ দৃশ্যকলৈ দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজয় বনিয়া নামৰ এই যুৱকজনক আটক কৰা হৈছিল ৷ দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত ফটোগ্ৰাফাৰ হিচাপে কাম কৰি থকা এই বিজয় বনিয়াক সম্প্ৰতি 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ লোকজনৰ এই কাণ্ডক লৈ সম্প্ৰতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ ভাবমূৰ্তি ম্লান হোৱা বুলি আলোচিত হৈছে সচেতন মহলত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.