শুই থাকোতেই জীৱন্তে অগ্নিদগ্ধ দুজন

By

Published : Dec 16, 2021, 2:02 PM IST

Updated : Dec 16, 2021, 2:10 PM IST

thumbnail

বুধবাৰে নিশা বোকাজান বৰপথাৰ চাহ বাগিচাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Massive Fire indident at Borpathar) ৷ নিমিষতে জুইৰ লেলিহান শিখাত জীৱন্তে অগ্নিদগ্ধ হয় বাগানৰে এটি পৰিয়ালৰ দুজন সদস্য (Two people died in borpathar fire incident) ৷ জানিব পৰা মতে, ইয়াৰে ভিতৰত আছিল এটি শিশু ৷ আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই খবৰ দিয়া হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক ৷ কিন্তু বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিশাই অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷

Last Updated : Dec 16, 2021, 2:10 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.