জয়পুৰৰ ইতিহাস সমৃদ্ধ কেন্দু গছৰ তলত অৰণ্য মানৱ

By

Published : Sep 28, 2021, 7:40 PM IST

thumbnail

বিশ্ব পৰ্যটন দিৱসৰ দিনা নাহৰকটীয়াত উপস্থিত হয় অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং । নাহৰকটীয়াৰ জয়পুৰ কেন্দুগুৰি গাঁৱৰ প্ৰায় তিনি শতাধিক আয়ুস কাল অতিক্ৰম কৰা ইতিহাস প্ৰসিদ্ধ কেন্দু গছজোপা দৰ্শন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে । উল্লেখ্য যে, বিশ্ব পৰ্যটন দিৱস উপলক্ষে "বলিমৰা থান, সীতা কুণ্ড পৰ্যটন প্ৰকল্প"ৰ উদ্যোগত কেন্দুগুৰি গাঁৱৰ "কেন্দু"গছৰ তলত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে ৷ উক্ত সভাতে যাদৱ পায়েঙে কেন্দু গছজোপাৰ ইতিহাস সম্বন্ধীয় ফলক উন্মোচন কৰে । সভাৰ ভাষণত ইয়াণ্ডাবু সন্ধি কালৰ মানৰ ইতিহাস বহন কৰি থকা কেন্দু গছজোপা গাঁৱৰ ৰাইজে সযতনে সুৰক্ষিত কৰি ৰখাৰ বাবে কেন্দুগুৰিবাসী ৰাইজক ধন্যবাদ জনাই পদ্মশ্ৰী যাদৱ পায়েঙে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.