যোৰহাট সদৰ থানাত এগৰাকী অভিযুক্তৰ আত্মহত্যা

By

Published : Oct 20, 2021, 3:36 PM IST

thumbnail

যোৰহাট সদৰ থানাত চাবিৰ আনচাৰী নামৰ এজন অভিযুক্তৰ আত্মহত্যা । অভিযুক্ত জনৰ ঘৰ যোৰহাটৰ ঢাকাপট্টিত । এক চুৰিকাণ্ডৰ অভিযোগত যোৰাহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চাবিৰ আনচাৰীক ৷ থানাৰ TOILET ত আত্মহত্যা কৰে চাবিৰ আনচাৰীয়ে ৷ নিশাই চাবিৰ আনচাৰীক যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল যদিও সেই সময়লৈ মৃত্যু হৈছিল অভিযুক্ত গৰাকীৰ ৷ উল্লেখ্য যে, যোৰহাট আৰক্ষী সদৰ থানাত ভিতৰত কেনেদৰে এটা আত্মহত্যাৰ ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে ৷ যোৰহাট সদৰ আৰক্ষীয়ে প্ৰকৃত ঘটনাক গাপ দি ৰাখিবলৈ বিচাৰিছে বুলিও অভিযোগ তুলিছে একাংশই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.