গৰুখুঁটিৰ ঘটনাক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া: হিমন্ত বিশ্ব সাম্প্ৰদায়িক

By

Published : Sep 24, 2021, 12:51 PM IST

thumbnail

দৰঙৰ গৰুখুঁটিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Akhil Gogoi)ৰ । গৰুখুঁটিৰ এই উচ্ছেদ BJP চৰকাৰে পৰিকল্পিতভাৱে সংখ্যালঘু সম্প্ৰদায়টোৰ ওপৰত চলোৱা উচ্ছেদ বুলি উল্লেখ কৰি বিজেপি চৰকাৰখনে সমগ্ৰ পৃথিৱীতে অসমীয়া জাতিটোক লজ্জিত আৰু হেয় প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । অখিল গগৈয়ে কয়, এই ঘটনাৰ পাচতে অসমৰ ৰাজনীতিৰ ইতিহাসত আটাইতকৈ জঘন্য আৰু সাম্প্ৰদায়িক নেতা হিচাপে প্ৰতিষ্ঠিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । ঘটনাৰ প্ৰসংগত দৰং জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক তৎকালীনভাৱে নিলম্বন কৰিবলৈ দাবী জনোৱাৰ লগতে আহত আৰু নিহতসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.