শ্ৰমিকৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ নামত কোটি কোটি টকা লুন্ঠন

By

Published : Oct 9, 2021, 10:47 PM IST

thumbnail

শ্ৰমিকৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ পাইলট প্ৰকল্প ১ ৰ নামত কোটি কোটি টকা লুন্ঠনৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱশক্তিৰ ৷ যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক সংবাদমেল সম্বোধন কৰি কয়, ৰাজ্যৰ বিভিন্ন জিলাত শ্ৰমিকৰ প্ৰশিক্ষণ প্ৰদানৰ নামত প্ৰায় ৮০ কোটি টকাৰ এক ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে । কেৱল দুটা ব্যক্তিগত প্ৰতিষ্ঠানে প্ৰায় ২৫ হাজাৰ শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব লাভ কৰে কেৱল লুণ্ঠনৰ স্বাৰ্থত । ২০১৭ৰ পৰা ২০১৯ চনত এই ভয়ংকৰ কেলেংকাৰী হৈছে । অজিত আকাশ প্ৰাইভেট লিমিটেড আৰু Gargo Institute of technologyৰ বিৰুদ্ধে এই অভিযোগ দুৰ্নীতি বিৰোধী যুৱশক্তিৰ । ইপিনে বৰ্তমান চলি থকা দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰকল্প ২ ৰ নামত অলোক চৰকাৰ নামৰ ব্যক্তিজনে ১০ কোটি টকা পুনৰ লুন্ঠন কৰাৰ অভিযোগ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.