প্ৰাপ্য দৰমহা আদায়ৰ দাবীত লখিমপুৰ পৌৰ সভাৰ চাফাই কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Oct 9, 2021, 4:35 PM IST

thumbnail

প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদত বহিল লখিমপুৰৰ পৌৰসভাৰ চাফাইকৰ্মী সকল ৷ যোৱা চাৰিমাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে এইসকল চাফাই কৰ্মী; কিন্তু কোনো এগৰাকী মন্ত্ৰী-আমোলা নাইবা বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ কোনো খা-খবৰ লোৱা নাই ৷ অৱশেষত সকলো আশা হেৰুৱাই প্ৰতিবাদত বহিবলৈ বাধ্য হ’ল চাফাইকৰ্মী সকল ৷ দূৰ্গা পূজাৰ পূৰ্বে তেওঁলোকৰ প্ৰাপ্য ধন মোকলাই দিয়াৰ দাবী প্ৰতিবাদকাৰী চাফাইকৰ্মী সকলৰ ৷ লগতে তেওঁলোকক লৈ হেতালি খেলিলে অনাগত দিনত প্ৰতিবাদ আৰু তীব্ৰ হ’ব বুলি সকীয়নী প্ৰতিবাদকাৰী সকলৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.