ৰঙাঘৰৰ আলহী হ’ল কৰিমগঞ্জৰ ব্যৱসায়ী অজয় পাল

By

Published : Jul 10, 2021, 7:25 PM IST

thumbnail

অৱশেষত কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিল ব্যৱসায়ী অজয় পাল ৷ বিগত ২৪ জুনত গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ চহৰৰ বিপিন পাল ৰোডৰ ব্যৱসায়ী অজয় পালৰ ঘৰত আৰক্ষীয়ে চলাইছিল এক অভিযান ৷ অভিযোগ অনুসৰি, অসৎ উপায়েৰে ধন উপাৰ্জন কৰে অজয় পালে ৷ এই অভিযানত আৰক্ষীয়ে নগদ ১০ লাখ টকা আৰু ৭০০ গ্ৰাম সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু, আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হৈছিল অজয় পাল ৷ অৱশেষত শুকুৰবাৰে নিশা অজয় পালক আৰক্ষীয়ে চহৰৰ বনমালী নামৰ এক স্থানৰ পৰা আটক কৰে ৷ অজয় পালৰ সৈতে আৰু দুই ব্যৱসায়ীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে । বৰ্তমানত অজয় পালক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত অনা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.