বোকাখাতৰ কমাৰগাঁৱত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

By

Published : Nov 11, 2021, 7:05 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ । বিভিন্ন জিলাৰ মাজেৰে একাংশ দুষ্টচক্ৰই অসমৰ সমীপৱৰ্তী ৰাজ্যসমূহৰ পৰা কাঠৰ চোৰাং সৰবৰাহ কৰা দেখা গৈছে । ইয়াৰ মাজতে গোলাঘাট জিলাৰ বোকাখাতৰ কমাৰগাঁও আৰক্ষীয়ে জব্দ কৰে এখন কাঠ ভৰ্তি ট্ৰাক । জানিব পৰা মতে BR-০৬-GD-৪৮৮৫ নম্বৰৰ কাঠ ভৰ্তি ট্ৰাকখন অৰুণাচলৰ নামফাইৰ পৰা বৰপেটা অভিমুখে গৈ আছিল । এক গোপন সূত্ৰৰ পম খেদি কমাৰগাঁও আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই জব্দ কৰে ট্ৰাকখন । বৰপেটাৰ 'মা টিম্বাৰ' নামৰ কাঠৰ বিপনীলৈ গৈ থকা ট্ৰাকখন নুমলীগড়ৰ খণ্ড বিষয়াক চমজাই দিয়ে কমাৰগাঁও আৰক্ষীয়ে । কমাৰগাঁও আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনায় অঞ্চলটোৰ ৰাইজে । লগতে চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে অধিক কঠোৰ হ'বলৈ ৰাজ্যৰ প্ৰশাসনক দাবী জনায় স্থানীয় লোকসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.