নগাঁৱত বাৰ্মিজ চুপাৰিসহ আৰক্ষীৰ জালত দুই ব্যৱসায়ী

By

Published : Oct 7, 2021, 10:05 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া ব্যৱসায় । বুধবাৰে নিশা নগাঁও জিলাৰ ননৈ আৰক্ষী চকীয়ে বাৰ্মিজ চুপাৰী সৰবৰাহ কৰা এখন গাড়ী লগতে ৬ পেকেট বাৰ্মিজ চুপাৰীও জব্দ কৰিছে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, বাৰ্মিজ চুপাৰীখিনি কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা নগাঁৱলৈ আনিছিল । আৰক্ষীয়ে বাৰ্মিজ চুপাৰী অহাৰ সম্ভেদ লাভ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ননৈত তালাচী চলায় । তেতিয়া আৰক্ষীয়ে এ এচ ২৫ চি চি ৭৪০২ নম্বৰৰ সামগ্ৰী কঢ়িওৱা গাড়ীখনতো তালাচী চলায় গাড়ীখনৰ পৰা আৰক্ষী ৫৩০ কিলোগ্ৰাম ওজনৰ বাৰ্মিজ চুপাৰীৰ ৬ টা বেগ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে হিৰণ্য বৰা (২৯) আৰু পিকু দাস নামৰ দুজন যুৱককো কৰায়ত্ত কৰে । ইপিনে ঘটনা সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত ২৪৬৩/২১ নম্বৰত এটা গোচৰ ৰুজু হৈছে । ধৃত দুয়োজন যুৱকৰে ঘৰ ৰাইডঙীয়াত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.