মন্ত্ৰী-বিধায়ক নহয় এইবাৰ অসম আৰক্ষী জিন্দাবাদ !

By

Published : Sep 27, 2021, 8:44 PM IST

thumbnail

ঢলপুৰৰ উচ্ছেদ অভিযানক লৈ চৰকাৰ আৰু অসম আৰক্ষীক বিভিন্ন জনে সমালোচনা কৰাৰ লগতে এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ নাহৰকটীয়াত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ । অসম আৰক্ষী জিন্দাবাদ লৈ ডিব্ৰুগড়ৰ নাহৰকটীয়া হিন্দু জাগৰণ মঞ্চৰ সমদল । ৰাজ্যৰ ভূমি বেদখলৰ বিৰুদ্ধে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপক সমৰ্থন জনাই ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নাহৰকটীয়াতো এই দৰে কাৰ্যসূচী ৰূপায়ণ কৰে হিন্দু জাগৰণ মঞ্চই । নাহৰকটীয়া মৰণ তিনিআলিত হিন্দু জাগৰণ মঞ্চৰ দেওবাৰে সন্ধিয়া অৰ্ধ শতাধিক নেতা সদস্যই চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাই হাতে হাতে প্লে’ কাৰ্ড লৈ চৰকাৰৰ ঢলপুৰৰ উচ্ছেদ অভিযান ন্যায় সংগত, বিদেশীৰ পৰা অসমৰ ভূমি মুক্ত কৰক, অসম আৰক্ষী জিন্দাবাদ আদি শ্লোগান দিয়া দেখা গ’ল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.