শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনা

By

Published : Sep 13, 2021, 9:39 PM IST

thumbnail

শিৱসাগৰত সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লয় । শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত এক পৰ্যালোচনা সভাত মন্ত্ৰীজনে জিলাখনৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় পৰ্যালোচনা কৰে । শিৱসাগৰ জিলাখনৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে পাঁচখন ভেকচিনেছন ভান । এই ম’বাইল ভান কেইখনে দুৰ্গম অঞ্চলৰ লগতে কম সংখ্যক মানুহ সামৰি ল'বলগীয়া অঞ্চলত ভেকচিন প্ৰদান কৰিব । সেইদৰে জিলাখনত অহা ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব আন এক মেগা ভেকচিনেছন অভিযান । বিগত জুন মাহত অনুষ্ঠিত কৰা মেগা ভেকচনেছনৰ প্ৰথম ড'জৰ পাছত এইবাৰ প্ৰায় ৯ লাখ লোকক দ্বিতীয় ড'জ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে । সেইদৰে জিলাখনৰ অসামৰিক চিকিৎসালয়ত শিশুৰ বাবে ১২ খন আইচিইউ বিচনা আৰু ৰাইজৰ বাবে ১০ খন আইচিইউ বিচনা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে । আনহাতে, আজিৰে পৰা জিলাখনত সকলো কাৰ্যালয়ত যে কৰ্মচাৰীয়ে ভেনচিন লোৱা সম্পূৰ্ণ কৰিছে সেই ঘোষণা কাৰ্যালয় সমূহে বেনাৰ আঁৰি ঘোষণা কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে । এনে ঘোষণাৰ বিপৰীতে জিলা উপায়ুক্তই এনে ঘোষণা পৰীক্ষা কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে সদৰী কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.