মুখ্যমন্ত্ৰীৰ সহায়ৰ পাচতে আনন্দৰ বন্যা ডিব্ৰুগড়ৰ এটি পৰিয়ালত

By

Published : Jul 10, 2021, 1:51 PM IST

thumbnail

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা সহাৰিৰ পাচতে এতিয়া মুখত হাঁহি বিৰিঙিছে নামতি খৰাগড়ৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ । বুলু আহমেদ নামৰ ব্যক্তিজনৰ যোৱা দুটা মাহৰ পূৰ্বে বিকল হৈ পৰিছিল দুয়োটা বৃক্ক । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College, Dibrugarh)ত চিকিৎসা চলি আছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে । কিন্তু অতি দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাছিল উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ধন । যাৰবাবে বিমোৰত পৰিছিল পৰিয়ালটো । এটি ৭ মহীয়া সন্তানৰ সৈতে সুখৰ সংসাৰৰ সপোন দেখা পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি পৰিল । বিগত ৩ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta biswa Sharma)ৰ পৰা সহায় বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে বুলু আহমেদৰ পত্নী ৰেহেনা বেগমে আৰু লগে লগে মুখ্যমন্ত্ৰীয়ে জনাই সহাঁৰি । মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত ১০৮ এম্বুলেঞ্চ(Ambulance) সেৱাৰ যোগেদি বুলু আহমেদক শুকুৰবাৰে লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)লৈ । যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীৰ লগতে চৰকাৰক ধন্যবাদ জনাইছে পৰিয়ালটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.