কলিয়াপানীত চলন্ত গাড়ীলৈ আৰক্ষীৰ গুলীচালনা

By

Published : Jun 27, 2021, 10:12 PM IST

thumbnail

টীয়কৰ কলিয়াপানীৰ সমীপত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা ৷ AS 05 A 4550 নম্বৰৰ এখন মাৰুতি কাৰলৈ উদ্দেশ্য কৰি আৰক্ষীয়ে চলালে গুলী । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গৌৰীসাগৰ আৰক্ষী থানাৰ সন্মুখত থকা নিয়মীয়া তালাচীত ৰখাবলৈ সংকেত দিয়া হৈছিল উক্ত মাৰুতি কাৰখনক । আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি চালকে গাড়ী নৰখোৱাত আৰক্ষীয়ে পিছ লয় গাড়ীখনৰ ৷ অৱশেষত, টীয়কৰ কলিয়াপানীৰ সমীপত আৰক্ষীয়ে গুলী চলোৱাত মাৰুতি কাৰখনৰ আগ চকা ফুটে আৰু লগে লগে সেই স্থানত ৰৈ যাবলৈ বাধ্য হয় চালক । পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে গাড়ীৰ চালক ধ্ৰুৱজ্যোতি গগৈ নামৰ এজন যুৱক জনক । ধ্ৰুৱজ্যোতিৰ ঘৰ টীয়কৰ হাঁহচৰাত বুলি জানিব পৰা গৈছে ৷ অৱশ্যে, কি কাৰণে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখন পলাই আহিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে আৰক্ষীয়ে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.