ভদীয়া বানে বিপৰ্যস্ত কৰিছে জাঁজীমুখবাসীৰ জীৱন

By

Published : Aug 28, 2021, 12:51 PM IST

thumbnail

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত টীয়ক আৰু পূৱ যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ জাঁজীমুখ অঞ্চল বানৰ কবলত পৰিছে । বাঢ়নী পানীৰ বাবে জাঁজীমুখৰ পাৰঘাটত কেইবাদিনো ধৰি বন্ধ হৈ আছে নাওৰ চলাচল । যাৰ বাবে প্ৰায় ১২ খন গাঁৱৰ ৰাইজৰ বহিৰ্জগতৰে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে । ইতিমধ্যে ভদীয়া বানে অঞ্চলটোৰ জপং, তিনিঘৰীয়া, বৰ মথাউৰি, ওপৰ শগুনপাৰাকে ধৰি প্ৰায় কেইবাখনো গাঁও প্লাৱিত কৰে ৷ বানত বুৰ গৈছে বহু হেক্টৰ কৃষি ভূমি ৷ ফলত কৃষকৰ সপোন চাৰখাৰ হোৱাত মূৰে-কপালে হাত দিবলগা হৈছে । ইপিনে বাঢ়নী পানীয়ে ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহো বুৰাই পেলোৱাত পশুধনসমূহ ওখ স্থানলৈ স্থানান্তৰ কৰিছে গো-পালকসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.