জোঁৱায়েকে জ্বলালে শহুৰৰ ঘৰ

By

Published : Sep 19, 2021, 5:41 PM IST

thumbnail

নগাঁও চহৰৰ কচলুখোৱা ইছলাম পট্টিত শনিবাৰে নিশা এক পৰিকল্পিত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডটোৰ ফলত আব্দুল ওৱাহাৱ নামৰ লোকজনৰ বাসগৃহটো জুইত জাহ যোৱাৰ লগতে এখন মটৰ চাইকেল আৰু ঘৰুৱা সকলো সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ঘটনাৰ বিবৰণী অনুসৰি ডিমৰুগুৰি ভোটাইআটিৰ ৰাতুল হুছেইন ছৰদাৰ নামৰ যুৱক জনে কচলুখোৱা ইছলাম পট্টিৰ এগৰাকী যুৱতীৰ লগত ৬ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হয় । ৰাতুল হুছেইনে দীৰ্ঘদিনে নিজ পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি অহাত শনিবাৰে দুয়োখন গাঁৱৰ ৰাইজৰ সহযোগত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ ঘটে । নিশা ৰাতুল হুছেইন ছৰদাৰে নিশা প্ৰায় ২-৩০ বজাত পত্নীৰ পিতৃ গৃহত উপস্থিত হৈ সকলো শুই থকা অৱস্থাত বাসগৃহটোত অগ্নি সংযোগ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পাছত স্থানীয় ৰাইজে জুইৰ উমান পাই পৰিয়ালটোক উদ্ধাৰ কৰাৰ লগতে স্থানীয় মৰিকলং আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডটোত পিতৃ গৃহটোৰ লগতে এখন মটৰ চাইকেলসহ ঘৰৰ সকলো সামগ্ৰীৰ জুইত জাহ যায় যদিও পৰিয়ালটোৰ কথমপি প্ৰাণ ৰক্ষা পৰে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.