লামডিং বনাঞ্চলত উচ্ছেদ অভিযান; কি হ’ব গৃহহাৰাৰ ?

By

Published : Nov 9, 2021, 8:53 AM IST

thumbnail
()

দৰঙৰ ছিপাঝাৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযান, বিশ্বনাথৰ উচ্ছেদ অভিযানৰ দৃশ্যসমূহ এতিয়া নিশ্চয় সজীৱ হৈ আছে আপোনাৰ স্মৃতিত ৷ তেনে এক অভিযান এইবাৰ চলিল হোজাই জিলাত ৷ লামডিং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান ৷ অৱশ্যে গৰুখুঁটি অথবা শোণিতপুৰৰ দৰে ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’ল উচ্ছেদকালত ৷ বেদখলকাৰীয়েও প্ৰশাসনৰ নিয়ম মানি এৰি দিলে ঘৰ-ভূমি ৷ 8 আৰু 9 নৱেম্বৰত উচ্ছেদ চলোৱা হ’ব বুলি পূৰ্বেই ঘোষণা কৰিছিল প্ৰশাসনে ৷ সেয়ে উচ্ছেদ চলাৰ এদিন পূৰ্বেই প্ৰায় সংখ্যক লোকে নিজৰ লাম-লাকটুসমূহ সামৰি অস্থায়ী শিবিৰত অৱস্থান কৰেগৈ ৷ কিন্তু প্ৰশ্ন হয়, উচ্ছেদিত এই লোকসকল ক’লৈ যাব, নে আকৌ বেদখল হ’ব আন কোনো স্থান, আকৌ চলিব আন এক উচ্ছেদ ৷ এইদৰেই চলি থাকিব নেকি এই প্ৰক্ৰিয়াটো ? চৰকাৰে এই সমস্যা সমাধানৰ কি ব্যৱস্থা কৰে সেয়া লক্ষণীয় হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.