ডিব্ৰুগড়ৰ অতিকৈ পুৰণি এখনি শক্তিপীঠত চলিছে পূজাৰ প্ৰস্তুতি

By

Published : Oct 9, 2021, 1:57 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ দুৰ্গা পূজাথলী সমূহৰ অন্যতম এখনি পূজা হৈছে বকুল দুৰ্গা পূজা ৷ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত ডিব্ৰুগড়ত প্ৰাণ পাই উঠিছিল বকুল দুৰ্গা পূজাই ৷ লোকবিশ্বাস অনুসৰি, পূৰ্বতে এই পূজাত দিয়া হৈছিল নৰবলি ৷ কিন্তু পৰৱৰ্তী সময়ত নৰবলিৰ প্ৰথা বন্ধ হৈ পৰাত সম্প্ৰতি এই স্থানত দিয়া হয় ম'হৰ লগতে ছাগলী, পাৰ, হাঁহ আদিৰ বলি ৷ এই পূজাস্থলীত প্ৰতিবছৰে মিলিত হয় হিন্দু-ইছলামধৰ্মী লোকসকল ৷ ধৰ্মীয় ভেদভাৱ পৰিহাৰ কৰি সকলো লোকেই এনেদৰে পালন কৰি আহিছে শাৰদীয় দুৰ্গা পূজা ৷ জিলাখনৰ আন পূজাসমূহৰ তুলনাত ইয়াত দেখা নাযায় কোনো জাক-জমকতা অথবা বিশাল আয়োজন ৷ তাৰ বিপৰীতে আধ্যাত্মিক ভাৱেৰে উদযাপন কৰা হয় দেৱী দুৰ্গাৰ বছৰেকীয়া পূজাভাগ ৷ এইবেলিও ক’ভিডৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হ’ব বকুল দুৰ্গা পূজা ৷ তাৰ বাবে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে পূজাৰ প্ৰস্তুতি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.