মোৰ মনোভাৱ প্ৰকাশৰ গণতান্ত্ৰিক অধিকাৰত কোনেও হস্তক্ষেপ নকৰিব : নগেন শইকীয়া

By

Published : Oct 25, 2021, 10:37 AM IST

thumbnail

বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই কিছুদিনৰ পূৰ্বে বৰাকক অসমৰ পৰা পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছিল । বিশিষ্ট সাহিত্যগৰাকীৰ এই মন্তব্যত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন দল-সংগঠনে তেওঁক তীব্ৰ সমালোচনা কৰাৰ উপৰিও ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তুলিছিল । ইয়াৰ পাছতে পুনৰ সংবাদ মাধ্যমৰ আগত মুখ খুলিলে প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই । "অসমৰ ভৱিষ্যত সম্পৰ্কে চিন্তা কৰাৰ মোৰ অধিকাৰ আছে । মোৰ কথাৰ লগত আনৰ মত নিমিলাত মোক ক্ষমা খুজিবলৈ কোৱাটোৱে মনত দুখ দিছে । মোৰ মনোভাৱ প্ৰকাশ কৰাৰ যি গণতান্ত্ৰিক অধিকাৰ, তাত যেন কোনেও হস্তক্ষেপ নকৰে । মই অসত্য কথা কোৱা হ'লে ক্ষমা খুজিলোঁ হয়" বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে আক্ষেপেৰে প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.