উদালী কাণ্ডৰ বিৰুদ্ধে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিবাদ

By

Published : Jun 2, 2021, 7:46 PM IST

thumbnail

হোজাই জিলাৰ লংকাত মঙলবাৰে সংঘটিত হোৱা চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ ৷ হোজাই জিলাৰ লংকাত মঙলবাৰে সংঘটিত হোৱা চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ ৷ লংকাৰ হাস্পতালত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱাৰ সময়তে ৰোগীসকলে অমানৱীয়ভাৱে আক্ৰমণ কৰে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক ৷ বুধবাৰে উক্ত ঘটনাৰ প্ৰতিবাদত মুখৰ হৈ পৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ লংকাত সংঘটিত উক্ত ঘটনাৰ বিৰুদ্ধে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক-চিকিৎসাকৰ্মী তথা ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক চিকিৎসকৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.