গাহৰি মাংস বিক্ৰিত নিষেধাজ্ঞা : ডিফুত গাহৰি বিক্ৰেতাৰ মাজত হাহাকাৰ

By

Published : Sep 24, 2021, 11:13 AM IST

thumbnail

যোৱা 26 আগষ্টত ডিফুৰ পযেশনেট মাল্টি ফাৰ্মত গাহৰিৰৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰিছিল ৷ ইয়াৰ পিছতে সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞৰ উপস্থিতিত ফাৰ্মখনৰ ৪০০ টা গাহৰি নিধন কৰি হৈছিল ৷ ফাৰ্মখনত ছোৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰাৰ পিছতে স্থানীয় প্ৰশাসনে গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ এই লৈ স্থানীয় প্ৰশাসন বা ডিফু পৌৰ নিগমে কোনো লিখিত জাননী বিক্ৰেতাসকলক দিয়া নাছিল যদিও মৌখিক নিৰ্দেশনাকে মানি বিক্ৰেতাসকলে গাহৰি মাংস বিক্ৰী বন্ধ ৰাখিছে ৷ কিন্তু দীৰ্ঘ সময় ধৰি নিজৰ উপাৰ্জনৰ একমাত্ৰ পথটো বন্ধ হৈ থকাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ খুচুৰা ব্যৱসায়ীৰ লগতে গাহৰি পালকৰ মাজত ৷ এতিয়া এই প্ৰতিৱন্ধকতা আঁতৰোৱাৰ ক্ষেত্ৰতো প্ৰশাসনে কোনো নিৰ্দেশনা প্ৰদান নকৰাক লৈ চৰম অনিশ্চয়তাত ভুগিছে গাহৰি বিক্ৰেতাসকল ৷ অচিৰেই স্থানীয় প্ৰশাসনক তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে বিক্ৰেতাসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.