নলংগা পাহাৰত ২২ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ

By

Published : Oct 29, 2021, 10:50 PM IST

thumbnail

পশ্চিম গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত নলংগা পাহাৰত হেমনী চাংমা নামৰ ২২ বছৰীয়া এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনাৰস বাগানত কাম কৰি থকা অৱস্থাত সন্ধানহীন হোৱা যুৱতীগৰাকীৰ মৃতদেহ যোৱা নিশা উদ্ধাৰ কৰা হৈছে নলংগা পাহাৰত ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ তদুপৰি আত্মীয়ৰ অভিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত বগুৱান থানাত u/s 302 IPC ৰ অধীনত 92/2021 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.