লাহৰীঘাটত কিশোৰীৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

By

Published : Jun 20, 2021, 7:37 PM IST

thumbnail

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁৱত মৰাপাট খেতিত দেওবাৰে উদ্ধাৰ হৈছে ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ ৷ জানিব পৰা মতে, বালিডোঙা পাম গাঁৱৰ এগৰাকী কিশোৰী দেওবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে বিচাৰ-খোচাৰ কৰাত ঘৰৰ ওচৰতে মৰাপাট খেতিত প্ৰত্যক্ষ কৰে কিশোৰীগৰাকীৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে ভূৰাগাঁও আৰক্ষী থানাৰ এটি দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে আৰক্ষীৰ প্ৰাথমিক তদন্তত এয়া এক হত্যাৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও স্থানীয় ৰাইজে এয়া ধৰ্ষণ কৰি হত্যাৰ ঘটনা বুলিও সন্দেহ প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.