Covid 19 resurgence in Majuli : এমাহ বিৰতিৰ মূৰত মাজুলীত পুনৰ ক’ভিডৰ আতংক

By

Published : Jan 8, 2022, 10:59 PM IST

thumbnail

মাজুলীত পুনৰ ক’ভিডৰ আতংক (Covid cases increase in Majuli) ৷ এমাহ বিৰতিৰ মূৰত মাজুলীত দুজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ উপস্থিতি (Two people tested corona positive) । মাজুলীৰ দুইজন লোকেই যোৰহাটৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে ৷ বৰ্তমান ক’ভিডত আক্ৰান্ত দুজন লোককেই হোম আইচ’লেচনত ৰখা হৈছে ৷ পৰাপক্ষত মাজুলীক ক’ভিড মুক্ত জিলা হিচাবে গঢ় দিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে মাজুলী জিলা প্ৰশাসনে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই ৷ লগতে জিলা উপাযুক্তগৰাকীয়ে কয় যে, মাস্ক পৰিধানৰ ক্ষেত্ৰত কঠোৰ হৈছে জিলা প্ৰশাসন । মাক্স পৰিধান নকৰা লোকক জৰিমনা বিহাৰ লগতে বজাৰ-সমাৰত ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰিব । আনকি ফেৰিতো মাক্স নহ’লে উঠিব নোৱাৰিব যাত্ৰী । কমলাবাৰী আৰু অফলামূখ পাৰঘাট, জেংৰাইমূখৰ খেৰকতিয়া দলঙৰ সমীপত হ'ব ক'ভিড টেষ্ট ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.