কাকপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

By

Published : Oct 5, 2021, 1:30 PM IST

thumbnail

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে প্ৰকৃত লোক নিৰ্মাণ কৰিছে নে নিজৰ লোকৰ পকেট গৰম কৰিছে ? পথ নিৰ্মাণৰ নামত বিভাগটোত কি হৈছে দেখিলে আপুনিও আচৰিত হ'ব । দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা অসম চৰকাৰৰ দিনতে দেখিবলৈ পোৱা গৈছে ব্যাপক দুৰ্নীতি । কাকপথাৰৰ ডিৰাক সোণজানৰ পৰা বৰডুমচালৈ প্ৰায় ১৭ কিল’মিটাৰ দৈৰ্ঘৰ পথছোৱা নিৰ্মানৰ বাবে বাজেট ধাৰ্য কৰা হৈছিল প্ৰায় ৩ কোটি ৩৮ লাখ টকা ৷ কিন্তু পথটো নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াকে লৈ সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । জানিব পৰা মতে ঠিকাদাৰ ৰাম স্বৰূপ যাদৱৰ নেতৃত্বত চলি আছে এই পথ নিৰ্মাণৰ কাম । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক উমানন্দ মৰাণে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঠিকাদাৰ ৰাম স্বৰূপ যাদৱক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.