নদীৰ বুকুত দেৱাল নিৰ্মাণ কৰি ভূমি হস্তগত কৰাৰ ষড়যন্ত্ৰ কৰিছে কোনে ?

By

Published : Aug 16, 2021, 6:16 PM IST

thumbnail

আমগুৰিত নদীৰ বুকুত পকী দেৱাল মাৰি চৰকাৰী মাটি হস্তগত কৰাৰ গভীৰ ষড়যন্ত্ৰক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ ৷ মাউৎ গাঁৱৰ টিফুক নদীৰ বোৱতী পানীক ভেটা দি চৰকাৰী মাটি হস্তগত কৰাৰ ষড়যন্ত্ৰত নমাৰ অভিযোগ উত্থাপিত হৈছে নিত্য দাস নামৰ এজন লোকৰ বিৰুদ্ধে ৷ নদীৰ বুকুত পকী দেৱাল নিৰ্মাণৰ ফলত বিপৰীত পাৰে গৰা খহনীয়া সৃষ্টি হোৱা লগতে দুজোপাকৈ বাঁহ গছ উভালি পৰিছে । মাউৎ গাঁও সংযোগী দলঙৰ কাষত মাটি খহি যোৱাৰো উপক্ৰম হৈছে । আনহাতে, পকী দেৱাল মৰাত গাঁওখনৰ পথাৰৰ কৃষিভূমি নষ্ট হোৱাৰো আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে। ইয়াকেলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(SMSS)য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । শীঘ্ৰে আমগুৰি ৰাজহ চক্ৰ বিষয়া(Amguri revenue circle officer)ক এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.