ধুবুৰীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি: জ্বলিল দলীয় পতাকা

By

Published : Mar 9, 2021, 11:00 AM IST

thumbnail

কংগ্ৰেছ-এ আই ইউ ডি এফৰ দলীয় টিকট ঘোষণা আৰু আসন বুজাবুজি স্পষ্ট হোৱাৰ পিছতেই এতিয়া জ্বলিছে ধুবুৰী ৰাজীৱ ভৱন। কংগ্ৰেছ কৰ্মীৰ ক্ষোভৰ যেন বহিঃপ্ৰকাশ ঘটিছে । সোমবাৰে দলীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দলীয় পোষ্টাৰ আৰু দলীয় পতাকা ছিঙি ৰাজীৱ ভৱন চৌহদত জ্বলাই দিয়ে। উল্লেখ্য যে, কংগ্ৰেছ-এ আই ইউ ডি এফে আসন বুজাবুজিৰ ভিত্তিত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ সাত সমষ্টিত প্ৰাৰ্থীত্ব ঘোষণা কৰিছে । মিত্ৰজোঁটৰ সিদ্ধান্ত অনুসৰি ধুবুৰী, গৌৰীপুৰ আৰু বিলাসিপাৰা পশ্চিম সমষ্টি এ আই ইউ ডি এফক এৰি দিছে কংগ্ৰেছে । যাৰ বাবে প্ৰতিবাদত জ্বলিছে ধুবুৰী ৰাজীৱ ভৱন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.