সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিল : ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব প্ৰত্যাহ্বান

By

Published : Oct 8, 2021, 1:53 PM IST

thumbnail

উপ-নিৰ্বাচন দুৱাৰ দলিত । অসমৰ আন আন সমষ্টিৰ দৰে থাওৰা সমষ্টিটো গৰম হৈছে নিৰ্বাচনী বতাহ । বৃহস্পতিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ পাচত আজি কংগ্ৰেছ দল এৰি বিজেপি দললৈ যোৱা সুশান্ত বৰগোঁহাইয়ে দাখিল কৰিছে মনোনয়ন ৷ সমস্ত শক্তি প্ৰদৰ্শন কৰি শুকুৰবাৰে বিজেপি দলে ১০৭ নং থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে ৷ ১০৭ নং থাওৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ সলনি যে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে বিজেপি দলৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিব সেয়া স্পষ্ট হৈ পৰিছে ৷ শুকুৰবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ আহি শক্তি প্ৰদৰ্শন কৰিলে বিজেপি দলে । সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিলত দেখা গ'ল বাঘা বাঘা বিজেপি নেতাক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী যোগেন মহন, পীযুষ হাজৰিকা, সাংসদ তপন গগৈকে ধৰি বিজেপি দলৰ বহু উচ্চ পৰ্যায়ৰ নেতাই শুকুৰবাৰে শিৱসাগৰত ভিৰ কৰে ৷ নগৰৰ বৰ্ডিং খেলপথাৰত মুখ্যমন্ত্ৰী শৰ্মাই এক জনসভাক সম্বোধন কৰি মনোনয়ন দাখিল কৰিবলৈ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীক সংগ দিয়ে । এইবাৰৰ থাওৰা সমষ্টিৰ নিৰ্বাচন যে বৰ সহজ নহ'ব সেইয়া প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ ভাষ্যত স্পষ্ট হৈ পৰিছে । ৰাইজৰ দল যে বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব সেইয়াও ইতিমধ্যে স্পষ্ট হৈছে ৷ ইফালে বিজেপি দলৰ উমৈহতীয়া চেষ্টাত যে আগন্তুক উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাৰ চেষ্টা কৰা হৈছে সেয়া আজিৰ মনোনয়ন দাখিলৰ কুচ-কাৱাজত দেখা গৈছে ৷ আনহাতে স্বভাৱসুলভ ঠাট্টা আৰু ইতিকিং কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰাৰ লগতে অখিল গগৈৰ নতুন কংগ্ৰেছ প্ৰীতিক লৈও কটাক্ষ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.