যোৰহাটত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

By

Published : Sep 27, 2021, 12:03 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে সোমবাৰে যোৰহাটতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ যোৰহাটৰ ৰাজপথত কেইখনমান ব্যক্তিগত বাহনৰ বাহিৰে প্ৰায়বোৰ যাতায়াত বন্ধ থাকে ৷ বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দীৰ্ঘদিন আন্দোলন অব্যাহত ৰখা সংযুক্ত কিষাণ মৰ্চাই সোমবাৰে আহ্বান জনাইছিল ভাৰত বন্ধৰ । বিৰোধী কংগ্ৰেছকে ধৰি প্ৰায় ৪০ টাকৈ সংগঠনে এই বন্ধত সমৰ্থন জনাইছে ৷ উল্লেখ্য যে, বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিওখন নতুন কৃষি আইনত ৰাষ্ট্ৰপতিয়ে চূড়ান্ত অনুমোদন জনোৱাৰ এবছৰ পূৰ্ণ হৈছে ৷ এই আইনৰ বিৰোধিতাৰে সোমবাৰে সংযুক্ত কিষাণ মৰ্চাই ভাৰত বন্ধৰ আহ্বান জনায় ৷ বন্ধৰ সময়চোৱাত জিলাখনত এই পৰ্যন্ত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷ জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী কাৰ্যালয়ৰ লগতে দূৰণিবটীয়া বাহনৰ চলাচল বন্ধ আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.