তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ

By

Published : Oct 29, 2021, 1:17 PM IST

thumbnail

বাক্সা জিলাৰ অন্তৰ্গত 58 নং তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসন(Baksa District Administration)৷ শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভৰি পৰিছে নিৰ্বাচনৰ দায়িত্বত থকা কৰ্মচাৰীসকল । প্ৰিজাইদিং আৰু প’লিং অফিচাৰসকলক মুছলপুৰৰ পৰা তামুলপুৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । ইতিমধ্যে হাতে হাতে ই ভি এম(EVM) মেচিন লৈ কৰ্মচাৰীসকলে সম্পূৰ্ণৰূপে সাজু হৈছে ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ব বুলি আশ্বাস দিছে বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.