যোৰহাটত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

By

Published : Feb 27, 2021, 6:38 AM IST

thumbnail

আজি দ্য কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে যোৰহাটত । পুৱাৰে পৰা বন্ধ হৈ আছে যোৰহাট নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । বন্ধৰ ফলত যানবাহন চলাচলো ব্যাহত হৈ পৰিছে । কেৱল অত্যাৱশ্যকীয় সেৱা অব্যাহত থকাৰ লগতে ব্যক্তিগত বাহনসমূহ চলাচল কৰা দেখা গৈছে । দ্য কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে চেম্বাৰ্ছ অফ কৰ্মাচৰ লগতে দেশৰ ৪০,০০০ টা বাণিজ্য সংস্থাই । লগতে অল ইণ্ডিয়া ট্ৰেন্সপ'ৰ্ট ৱেলফেয়াৰ এছ'চিয়েছনেও এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াই একেটা দিনতে চকা বন্ধৰ আহ্বান জনাইছে । জি এছ টি, ই-ৱে বিল, ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.