গৰুখুটিৰ উচ্ছেদিতৰ মাজত এ আই ইউ ডি এফৰ, জমিয়ত আৰু জামাতৰ দল

By

Published : Sep 29, 2021, 1:52 PM IST

thumbnail

গৰুখুটিৰ উচ্ছেদিত লোকক মঙলবাৰে জামাত-ই-ইছলামী-হিন্দ, জমিয়ত উলেমাহীন আৰু এ আই ইউ ডি এফৰ প্ৰতিনিধি দল উপস্থিত হয় ৷ প্ৰতিনিধিৰ দলটোত এ আই ইউ ডি এফৰ বিধায়ক মজিবুৰ ৰহমান, হাফিজ ৰফিকুল ইছলাম, হাফিজ বছিৰ আহমেদ কাছিমীসহ জামাতৰ কেন্দ্ৰীয় উপ সভাপতি চৈয়দ আমিনুল হাছান, জমিয়তৰ কেন্দ্ৰীয় সম্পাদক ছফী মাদানী উপস্থিত থাকে ৷ প্ৰতিনিধিৰ দলটোৱে উচ্ছেদিত লোকসকলৰ মাজত আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰাৰ লগতে খাদ্য সামগ্ৰী, দমকল, ট্ৰিপাল ইত্যাদি যোগান ধৰে ৷ ইপিনে আজমল ফাউণ্ডেশ্যনৰ পৰা আহত লোকসকলক বিশ হাজাৰ টকা আৰু নিহত দুটা পৰিয়াললৈ দুই লাখ টকাকৈ আগবঢ়ায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.