Leopard trapped in Mariani: মৰিয়নীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Dec 25, 2021, 9:30 PM IST

thumbnail

প্ৰায় এমাহ ধৰি মৰিয়নীৰ নকছাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এটা নাহৰফুটুকী বাঘ কাজিৰঙাৰ পৰা অহা বনৰক্ষীৰ দলে ট্ৰেংকুইলাইজ কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় (Leopard trapped in Mariani)। বাঘটোৰ আক্ৰমণত ইতিমধ্যে বহুকেইগৰাকীও লোক আহত হোৱাৰ পিছতো নাহৰফুটুকীটোক আটক কৰিবলৈ বন বিভাগ ব্যৰ্থ হোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছিল । অৱশেষত কাজিৰঙাৰ পৰা অহা বনৰক্ষীৰ এটা দলে শুকুৰবাৰে ট্ৰেংকুইলাইজ কৰি বাঘটো কাজিৰঙালৈ লৈ যায় ৷ উল্লেখ্য যে, শুকুৰবাৰে বিয়লি ৭ গৰাকীকৈ ব্যক্তিক নাহৰফুটুকীটোৱে আক্ৰমণ কৰি আহত কৰাৰ লগতে আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল নকছাৰী থানাৰ আৰক্ষী বিষয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.