আছুৰ প্ৰতিনিধি দলে বুজ ল'লে অসম-মিজোৰাম সীমান্ত পৰিস্থিতিৰ

By

Published : Aug 2, 2021, 10:38 PM IST

thumbnail

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বৰ বাবে সোমবাৰে শিলচৰত উপস্থিত হয় আছুৰ এটা প্ৰতিনিধি দল । শিলচৰ উপস্থিত হৈয়ে প্ৰথমে নিহত আৰক্ষী জোৱান শ্যামসুন্দৰ দুৱাৰৰ ঘৰত উপস্থিত হয় ৷ ইয়াৰ পাচতে শিলচৰ মেডিকেল কলেজ হাস্পতালত আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ৷ প্ৰতিনিধি দলটোৰ নেতৃত্ব আছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । শংকৰজ্যোতি বৰুৱাই সাংবাদিকক সম্বোধন কৰি অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.