Protest Against Price Hike: স্কুটি ঠেলি, হাতত গেছ চিলিণ্ডাৰ লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Apr 2, 2022, 10:04 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী (Protest against price rise in Dibrugarh)। ডিব্ৰুগড় ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি ডিব্ৰুগড় চহৰৰ থানা চাৰিআলি হৈ চহৰখনৰ কেইবাটাও ব্যস্ত পথত প্ৰতিবাদ সাব্যস্ত কৰে । "খালেই ঐ খালে বিজেপিয়ে খালে", "বজাৰত লাগিছে জুই, বিজেপি চৰকাৰ আছে শুই", "বিজেপিৰ চৰকাৰ হায় হায়" আদি ধ্বনিৰে চহৰখনৰ ৰাজপথ উত্তাল কৰি তোলে । কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি মাধুৰ্য্য কলিতা, প্ৰাক্তন ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, জিলা সভাপতি দেৱৰঞ্জন গগৈ, সাধাৰণ সম্পাদক ৰাজকুমাৰ নীল নেত্ৰ নেওগৰ লগত দলৰ কৰ্মীসকল উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.