গৰু-ম’হৰ দিন গ’ল, কাছাৰত মৰণা মাৰিবলৈ ব্যৱহাৰ বিলাসী থাৰ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 11:50 AM IST

thumbnail

শিলচৰ, 31 ডিচেম্বৰ : আপুনি গৰু বা ম’হেৰে মৰণা মৰা দেখিছে বা শুনিছে ৷ শেহতীয়াকৈ অট’ৰেও মৰণা মৰাৰ কথা শুনিছে ৷ কিন্তু বিলাসী বাহন থাৰেৰে মৰণা মৰাৰ কথা শুনিছে নে আপুনি ! আচৰিত হোৱাৰে কথা ৷ কাৰণ 20 লাখ টকীয়া বিলাসী বাহন চখৰ বাবে ক্ৰয় কৰি মৰণা মৰাতো এইবাৰ ব্যৱহাৰ কৰিলে যুৱকে ৷

এই আজৱ কাণ্ড সংঘটিত হৈছে কাছাৰত ৷ ঘটনা অনুসৰি, কাছাৰৰ সোনাই চহৰৰ নিমু দাস নামৰ এগৰাকী যুৱকে নিজৰ বিলাসী থাৰ বাহনেৰে মৰণা মাৰি চৰ্চা লৈ আহিছে ৷ উল্লেখ্য যে, কেইমাহ মানৰ পূৰ্বে কাছাৰৰ কালাইনৰ এগৰাকী যুৱকে থাৰ বাহনেৰে হাল বাই চৰ্চা লৈ আহিছিল ৷ এইবাৰ থাৰ বাহনেৰে মৰণা মাৰি সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে নিমু দাস নামৰ যুৱকজন ৷

লগতে পঢ়ক : কাছাৰত পুনৰ মৰণাত লাগিল জুই, ভস্মীভূত চাৰি বিঘা মাটিৰ ধান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.