কাছাৰত পুনৰ মৰণাত লাগিল জুই, ভস্মীভূত চাৰি বিঘা মাটিৰ ধান

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 2:13 PM IST

thumbnail

শিলচৰ, 30 ডিচেম্বৰ : কাছাৰত হৈছে কি ! বিগত তিনিদিনত কাছাৰৰ বিভিন্ন স্থানত অট’ৰে মৰণা মৰাৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰে কাছাৰৰ ধলাই, শুকুৰবাৰে বৰখলাৰ পাচত শনিবাৰেও অট’ৰে মৰণা মৰা সময়তে ভংয়কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কাছাৰ কাটিগড়াত ৷ 

ঘটনা অনুসৰি, আজি কাটিগড়া তাৰিনীপুৰত ছামচুল ইছলাম বৰভুঞা নামৰ এজন কৃষকে মৰণা মাৰিবলৈ ব্যৱহাৰ কৰিছিল এখন অট’ ৷ মৰণা মাৰি থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটে অট’খনৰ ৷ তাৰ পাচতে হঠাৎ মৰণাত জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্তৰ ভিতৰত জুইয়ে ছানি ধৰে মৰণাত ৷ ইফালে স্থানীয় ৰাইজৰ সহযোগত বৰভুঞাই জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিল যদিও প্ৰায় চাৰি বিঘা মাটিৰ ধান ভস্মীভূত হয় ৷ আনহাতে ঘটনাৰ খবৰ পোৱা পাচতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ৷

লগতে পঢ়ক : কাছাৰত পুনৰ মৰণাতেই জ্বলিল অট’সহ ধান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.