Accident in Jorhat: পথ দূৰ্ঘটনাত দুই যুৱকৰ মৃত্য়ুত তিতাবৰত শোকৰ ছাঁ

By

Published : Feb 14, 2023, 10:33 AM IST

thumbnail

যোৰহাট/ তিতাবৰ, ১৪ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ তিতাবৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Titabar)। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক । আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক । পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো । এই ঘটনাটোত এজন সম্ভৱনাময় ক্ৰিকেট আম্পায়াৰে অকালতে প্ৰাণ  হেৰুৱালে । ইয়াৰ পিছতেই তিতাবৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Two youth death in accident at Titabar)।  

দেওবাৰে নিশা ১০.৩০ বজাত তিতাবৰ বছাবাৰী অঞ্চলত সংঘটিত হোৱা এই ভয়াবহ পথ দুৰ্ঘটনাটোত দুজন যুৱকে ঘটনাস্থলীতে মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল (Accident at Titabar Basabari)। ঘটনাৰ বিৱৰণি অনুসৰি দেওবাৰে নিশা এখন ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি তিতাবৰৰ পৰা বৰহোলা দিশে চাৰিজন বন্ধুৱে AS 01BN 9217 নম্বৰৰ এখন বিলাসী বাহনেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বচাবাৰী অঞ্চলৰ এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে । ফলত দুৰ্ঘটনাটোত পতিত হৈ ঘটনাস্থলীতেই পাৰ্থ দত্ত আৰু কল্যান হাজৰিকাই মৃত্যুক আকোৱালি লয় । দুৰ্ঘটনাত পতিত হৈ ঘটনাস্থলীতেই শেষ নিশ্বাস ত্যাগ কৰা তিতাবৰ বৰহোলা নগাবাটৰ কল্যাণ হাজৰিকাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত হৈ আছিল ।  

আনহাতে, তিতাবৰ জ্যোতি নগৰ নিবাসী পার্থ দত্ত এগৰাকী সুদক্ষ ক্ৰিকেট আম্পায়াৰ হিচাপে ৰাজ্যত পৰিচিত আছিল । তেওঁ স্বাস্থ্য বিভাগত কৰ্মৰত হৈ আছিল । এই ঘটনাটোৱে সমগ্র তিতাবৰতে শোকৰ ছাঁ পেলাইছে । ইপিনে, এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজন যুৱক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে (Jorhat Medical College Hospital)। নিশাই তেওঁলোকক এম্বুলেন্স যোগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় । আহত যুৱক দুজন এতিয়াও সংকটমুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক:Abhijit Sarma challenged Ex CJI: ‘‘আই উইল ছী ইউ ইন নলবাৰী ক’ৰ্ট’’; ৰঞ্জন গগৈক আভিজিৎ শৰ্মাৰ হুংকাৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.