ETV Bharat / state

Abhijit Sarma challenged Ex CJI: ‘‘আই উইল ছী ইউ ইন নলবাৰী ক’ৰ্ট’’; ৰঞ্জন গগৈক আভিজিৎ শৰ্মাৰ হুংকাৰ

author img

By

Published : Feb 13, 2023, 10:47 PM IST

ক্ষমা খোজাৰ সময়সীমা উকলিল প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৷ সেয়েহে এইবাৰ আভিজিৎ শৰ্মাই ন্যায়ালয়ত উপস্থিত কৰোৱাৰ হুংকাৰ দিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীক ৷ এই ভিডিঅ’যোগে এপিডব্লিউৰ সভাপতি আভিজিৎ শৰ্মাই তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ৰঞ্জন গগৈক (Former chief justice of India Ranjan Gogoi) ৷

APW Chairman Abhijit Sarma
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আভিজিৎ শৰ্মাৰ হুংকাৰ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আভিজিৎ শৰ্মাৰ হুংকাৰ

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : যেন অদ্ভূত সময়ৰ গতি ! দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক (Former chief justice of India Ranjan Gogoi) অসমৰ এজন ৰাজহুৱা কৰ্মীৰ হুংকাৰ, “নলবাৰীৰ ন্যায়ালয়ত লগ পাম আপোনাক ।” আলফা, NRC কে ধৰি বিভিন্ন ৰাজহুৱা বিষয়ত সজোৰে সুদীৰ্ঘদিন ধৰি মাত মাতি আহিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ মূৰব্বী আভিজিৎ শৰ্মাই । বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি অহা আভিজিৎ শৰ্মা এইবাৰ পুনৰ চৰ্চালৈ আহিছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ন্যায়ালয়ত উপস্থিত কৰোৱাৰ হুংকাৰ দি ৷

‘‘নলবাৰীৰ কৰ্টত লগ পাম আপোনাক ৷’’ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক অসম প্লাব্লিক ৱৰ্কছৰ আভিজিৎ শৰ্মাৰ চেলেঞ্জ (Abhijit Sarma challenged Ranjan Gogoi) ৷ উল্লেখ্য, ৰঞ্জন গগৈয়ে আত্মজীৱনী 'JUSTICE FOR THE JUDGE'ত (Ranjan Gogoi autobiography) আভিজিৎ শৰ্মাৰ কেতবোৰ কথা লিখিছিল । এই কথাৰ বিৰোধিতা কৰি ক্ষমা খুজিবলৈ আভিজিৎ শৰ্মাই ৩২ দিনৰ সময় সীমা দিছিল প্ৰাক্তন CJI জনক ৷

নিৰ্ধাৰণ কৰি দিয়া ৩২ দিনৰ সময় পাৰ হ’ল আজি ৷ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ত এপিডব্লিউৰ আভিজিৎ শৰ্মাই (APW ABhjit Sarma Video) আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰাক্তন মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈক । ভিডিঅ’টোত অভিজিৎ শৰ্মাই প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীক উদ্দেশ্যি স্পষ্টকৈ কৈছে ৷ তাৰ সম্পাদিত বিৱৰণ এনেধৰণৰ, “ৰঞ্জন গগৈ ডাঙৰীয়া, আপুনি নিজকে ভগৱান বুলি ভাৱে ! আপোনাৰ ওপৰত আৰু কোনো নাই ? ২০১৭ চনলৈ মনত পৰেনে আপোনাৰ ? হাজেলাৰ এই কেলেংকাৰীৰ কথা যেতিয়া আমি আপোনাক কৈছিলো, ২২ আগষ্ট ২০১৭ত আপুনি কনটেম্পট অব্ কৰ্ট ৰেজিষ্টাৰ কৰিছিল আমাৰ ওপৰত ৷ মোক বাধ্য কৰাইছিল আঁঠু কাঢ়িবলৈ ৷ আপোনাৰ ওচৰত ক্ষমা খুজিবলৈ ৷ আপুনি গম পায়নে ? এজি ৰিপৰ্টত কি ওলাইছে ? ১৫৫.৮২ কোটিৰ কেলেংকাৰী ওলাইছে ৷ আপুনি যিটোত মোৰ মুখ বন্ধ কৰিছিল ৷’’

তেওঁ লগতে কয়, ‘‘কি মানুহহে আপুনি ! হাজেলাক (Prateek Hajela) আপুনি পলুৱাই পঠিয়ালে মধ্য প্ৰদেশলৈ ৷ অৰ্ডাৰত একো লিখা নাই, কিন্তু যিখন আপুনি কিতাপ লিখিলে নিজক বচাবলৈ, নিজক ধোৱা তুলসীৰ পাত সজাবলৈ, সেইখন কিতাপত আপুনি লিখিলে যে হাজেলাক আভিজিৎ শৰ্মাৰ কাৰণে পলুৱাই পঠিয়ালো । আৰে মই সন্ত্ৰাসবাদী নেকি ? মই মাফিয়া নেকি ? নে মই ক্ৰিমিনেল ? নে মই আপোনাৰ নিচিনাকৈ মোৰ অফিচৰ মহিলাক ছেক্সুৱেল হাৰাছমেণ্ট কৰিছোঁ ৷ আপোনাক ক্ষমা খুজিবলৈ কৈছিলোঁ ৷ আপুনি নুখুজিলে ৷ ৩২ দিন সময় দিছিলো । কাইলৈ পাৰ হ’ব ৷ আই উইল ছী ইউ ইন নলবাৰী কৰ্ট ।”

আত্মজীৱনীখন প্ৰসংগত ৰঞ্জন গগৈক একাধিকবাৰ এইদৰে আভিজিৎ শৰ্মাই প্ৰত্যহ্বান জনাই আহিছে যদিও দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কোনো প্ৰত্যুত্তৰ বা প্ৰতিক্ৰিয়া প্ৰকাশ নাই ৷ সঁচাকৈয়ে Assam Public Worksৰ আভিজিৎ শৰ্মাই নলবাৰীৰ আদালত লগ পাবনে নাই তাৰ বাবে কৰিব লাগিব সময়লৈ অপেক্ষা ।

লগতে পঢ়ক : Abhijit Sharma on Ranjan Gogoi: 32 দিনৰ ভিতৰত ক্ষমা নুখুজিলে ৰঞ্জন গগৈৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.